আয়াতঃ ৪০ মাক্কী
|
78. سورة النبأ
الآيات : 40، مكية
|
(আৰম্ভ
কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
|
بسم الله
الرحمن الرحيم
|
1.
সিহঁতে কি
বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?
|
عَمَّ يَتَسَاءَلُونَ (1)
|
عَنِ النَّبَإِ الْعَظِيمِ (2)
|
|
الَّذِي هُمْ فِيهِ مُخْتَلِفُونَ (3)
|
|
كَلَّا سَيَعْلَمُونَ (4)
|
|
5.
তাৰপিছত,
কেতিয়াও নহয়, সিহঁতে অতিশিঘ্ৰেই জানিবলৈ পাব।
|
ثُمَّ كَلَّا سَيَعْلَمُونَ (5)
|
6.
আমি
পৃথিৱীখনক শয্যা বনোৱা নাইনে?
|
أَلَمْ نَجْعَلِ الْأَرْضَ مِهَادًا (6)
|
7.
আৰু
পৰ্বতসমূহক পেৰেক?
|
وَالْجِبَالَ أَوْتَادًا (7)
|
8.
আৰু আমি
তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।
|
وَخَلَقْنَاكُمْ أَزْوَاجًا (8)
|
وَجَعَلْنَا نَوْمَكُمْ سُبَاتًا (9)
|
|
10.আৰু
ৰাতিক কৰি দিছো আৱৰণ।
|
وَجَعَلْنَا اللَّيْلَ لِبَاسًا (10)
|
11. আৰু দিনক কৰি দিছো জীৱিকা উপাৰ্জনৰ সময়।
|
وَجَعَلْنَا النَّهَارَ مَعَاشًا (11)
|
وَبَنَيْنَا فَوْقَكُمْ سَبْعًا شِدَادًا (12)
|
|
وَجَعَلْنَا سِرَاجًا وَهَّاجًا (13)
|
|
وَأَنْزَلْنَا مِنَ الْمُعْصِرَاتِ مَاءً ثَجَّاجًا (14)
|
|
15.যাতে
তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰো শস্য আৰু উদ্ভিদ।
|
لِنُخْرِجَ بِهِ حَبًّا وَنَبَاتًا (15)
|
16.আৰু
ঘন সন্নিবিষ্ট উদ্যান।
|
وَجَنَّاتٍ أَلْفَافًا (16)
|
إِنَّ يَوْمَ الْفَصْلِ كَانَ مِيقَاتًا (17)
|
|
يَوْمَ يُنْفَخُ فِي الصُّورِ فَتَأْتُونَ أَفْوَاجًا (18)
|
|
وَفُتِحَتِ السَّمَاءُ فَكَانَتْ أَبْوَابًا (19)
|
|
وَسُيِّرَتِ الْجِبَالُ فَكَانَتْ سَرَابًا (20)
|
|
21. নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।
|
إِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا (21)
|
22. সীমালঙ্ঘনকাৰী সকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল।
|
لِلطَّاغِينَ مَآبًا (22)
|
لَابِثِينَ فِيهَا أَحْقَابًا (23)
|
|
24. তাত সিহঁতে শীতলতা বা উপযুক্ত পানীও ভোগ কৰিব নোৱাৰিব।
|
لَا يَذُوقُونَ فِيهَا بَرْدًا وَلَا شَرَابًا (24)
|
إِلَّا حَمِيمًا وَغَسَّاقًا (25)
|
|
جَزَاءً وِفَاقًا (26)
|
|
27. নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।
|
إِنَّهُمْ كَانُوا لَا يَرْجُونَ حِسَابًا (27)
|
وَكَذَّبُوا بِآيَاتِنَا كِذَّابًا (28)
|
|
29.আৰু
আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছো।
|
وَكُلَّ شَيْءٍ أَحْصَيْنَاهُ كِتَابًا (29)
|
30.
এতেকে ভোগ
কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰো।
দ্বিতীয় ৰুকু
|
فَذُوقُوا فَلَنْ نَزِيدَكُمْ إِلَّا عَذَابًا (30)
|
31.
নিশ্চয়
মুত্তাক্বীসকলৰ বাবে আছে সফলতা।
|
إِنَّ لِلْمُتَّقِينَ مَفَازًا (31)
|
32.
উদ্যানসমূহ
আৰু আঙ্গুৰসমূহ।
|
حَدَائِقَ وَأَعْنَابًا (32)
|
وَكَوَاعِبَ أَتْرَابًا (33)
|
|
34.
আৰু পৰিপূৰ্ণ
পানপাত্ৰ।
|
وَكَأْسًا دِهَاقًا (34)
|
لَا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا كِذَّابًا (35)
|
|
جَزَاءً مِنْ رَبِّكَ عَطَاءً حِسَابًا (36)
|
|
37.
যিজন
আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়,
তেওঁৰ ওচৰত আবেদন-নিবেদনৰ শক্তি সিহঁতৰ কাৰো নাথাকিব।[19]
|
رَبِّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا الرَّحْمَنِ
لَا يَمْلِكُونَ مِنْهُ خِطَابًا (37)
|
يَوْمَ يَقُومُ الرُّوحُ وَالْمَلَائِكَةُ صَفًّا لَا
يَتَكَلَّمُونَ إِلَّا مَنْ أَذِنَ لَهُ الرَّحْمَنُ وَقَالَ صَوَابًا (38)
|
|
39.
এই দিনটো
সত্য, এতেকে যাৰ ইচ্ছা সিয়ে তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।
|
ذَلِكَ الْيَوْمُ الْحَقُّ فَمَنْ شَاءَ اتَّخَذَ إِلَى رَبِّهِ
مَآبًا (39)
|
40.
নিশ্চয়
আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলো। যিদিনা মানুহে নিজ
কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি
মাটি হলোহেঁতেন।[22]
|
إِنَّا أَنْذَرْنَاكُمْ عَذَابًا قَرِيبًا يَوْمَ يَنْظُرُ
الْمَرْءُ مَا قَدَّمَتْ يَدَاهُ وَيَقُولُ الْكَافِرُ يَا لَيْتَنِي كُنْتُ
تُرَابًا (40)
|
[1]) অৰ্থাৎ সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে? তাৰপিছত আল্লাহে নিজেই ইয়াৰ উত্তৰ দিছে
যে, মহাসংবাদ সম্পৰ্কে। তফছীৰবিদ মুজাহিদে কৈছে, ইয়াত মহাসংবাদ বুলি কোৰআনক বুজোৱা
হৈছে। কাতাদাই কৈছে, ইয়াত মহাসংবাদ বুলি কিয়ামতক বুজোৱা হৈছে। ইয়াত এইটোৱেই
প্ৰাধান্যপ্ৰাপ্ত মত। (ইবনে কাছীৰ)
[2]) আয়াতৰ আন এটা অৰ্থ হৈছে। “এই বিষয়ে সিহঁতে নানা
ধৰণৰ কথা আৰু ঠাট্ৰা-বিদ্ৰুপ কৰি ফুৰিছে”। আন এটা অৰ্থ এইটোও হ’ব পাৰে, পৃথিৱীৰ পৰিণাম সম্পৰ্কে সিহঁত নিজেও কোনো এটা অভিন্ন আক্বীদা পোষন
নকৰে বৰং “সিহঁতৰ মাজত এই বিষয়ে বিভিন্ন মত পোৱা যায়” কোনো
কোনোৱে আকৌ আখিৰাত অস্বীকাৰ কৰা নাছিল কিন্তু ই সংঘটিত হ’বনে নাই এই বিষয়ে সন্দেহ পোষন কৰিছিল। কোৰআন মজীদত এই ধৰণৰ লোকসকলৰ উক্তি
উদ্ধৃত কৰা হৈছে, “আমি ইয়াক মাত্ৰ এটা ধাৰণা হিচাপেহে পোষন কৰো, আমাৰ কোনো নিশ্চিত বিশ্বাস নাই”। (আল-জাছিয়া
৩২) আকৌ কোনোবাই পৰিস্কাৰভাৱে কৈছিল, “আমাৰ বাবে এই পৃথিৱীৰ
জীৱনেই সকলো আৰু মৃত্যুৰ পিছত আমাক আৰু পুনৰুত্থিত কৰা নহ’ব”। (আল- আনআম ২৯) “এই পাৰ্থিৱ
জীৱনেই আমাৰ বাবে একমাত্ৰ জীৱন। আমি ইয়াতেই জন্ম লাভ কৰো আৰু ইয়াতেই মৃত্যুবৰণ কৰো
কালচক্ৰৰ বাহিৰে আন একোৱেই আমাক ধ্বংস নকৰে”। (আল-জাছিয়া
২৪) {ফাতহুল ক্বাদীৰ}
[3]) অৰ্থাৎ আখিৰাত সম্পৰ্কে
যিবোৰ কথা ইহঁতে কৈ আছে এইবোৰ সকলো ভুল। এওঁলোকে যি ভাবিছে বা বুজিছে সেয়া
কোনোক্ৰমেই সঠিক নহয়। (তফছীৰ মুয়াচ্ছাৰ)
[4]) মানুহক পৃথিৱীত কাম কৰাৰ
যোগ্য কৰাৰ বাবে মহান আল্লাহ তাআলাই অত্যন্ত কৰ্মকুশলতা সহকাৰে তাৰ প্ৰকৃতিত
টোপনিৰ এক চাহিদা সৃষ্টি কৰি দিছে। কৰ্মৰ ক্লান্তিৰ পিছত টোপনিয়ে তাক স্বস্তি,
আৰাম আৰু শান্তি দান কৰে। (তফছীৰ ছা’দী)
[5]) দৃঢ় আৰু মজবুত কোৱা হৈছে এই
বাবে যে, আকাশ তৈয়াৰ হৈছে অত্যন্ত দৃঢ়-সংঘবদ্ধভাৱে, ইয়াৰ মাজত কেতিয়াও সামান্যতম
পৰিবৰ্তনো নহয়, ধ্বংসও নহয়, ফাটও নেমেলে। (তফছীৰ তাবাৰী)
[8] )অৰ্থাৎ যিদিনা মহান আল্লাহ তাআলা তেওঁৰ সৃষ্টিৰ মাজত বিচাৰ-মীমাংসা কৰিব সেই দিন
তথা কিয়ামত নিৰ্দিষ্ট সময়তেই আহিব। (তফছীৰ মুয়াচ্ছাৰ)
[9]
)আন আন আয়াতৰ পৰা জনা
যায় যে, শিঙাত দুবাৰ ফুঁ দিয়া হ’ব। প্ৰথম ফুঁ দিয়াৰ
লগে লগে সমগ্ৰ বিশ্ব ধ্বংসপ্ৰাপ্ত হ’ব আৰু দ্বিতীয় ফুঁ
দিয়াৰ লগে লগে পুনৰবাৰ জীৱিত আৰু প্ৰতিষ্ঠিত হৈ যাব। এই সময়ত বিশ্বৰ পুৰ্ববৰ্তী
আৰু পৰবৰ্তী সকলো মানুহ দলে দলে আল্লাহৰ ওচৰত উপস্থিত হ’ব। ইয়াত দ্বিতীয় বাৰ ফুঁ দিয়াৰ কথা কোৱা হৈছে। এই শব্দ প্ৰচণ্ড হোৱাৰ লগে লগে
আদিৰ পৰা অন্তলৈ সকলো মৃত্যুবৰণ কৰা মানুহ আকস্মিক জীৱিত হৈ উঠিব। (তফছীৰ ফাতহুল
ক্বাদীৰ)
[10])
“আকাশখন খুলি দিয়া হ’ব” ইয়াৰ অৰ্থ এইটোও হ’ব পাৰে যে, ঊৰ্ধজগতত কোনো বাধা
আৰু বন্ধন নাথাকিব। আকাশত বিভিন্ন দুৱাৰ তৈয়াৰ হৈ সেইবোৰে দি কেউফালৰ পৰা
ফিৰিস্তাসকল নামি আহিব।(ইবনে কাছীৰ)
[11])
পৰ্বতসমূহ
চলা আৰু মৰীচিকাত পৰিণত হোৱাৰ অৰ্থ হৈছে, চাওঁতে চাওঁতে মুহূৰ্ততে পৰ্বতসমূহ
স্থানচ্যুত হৈ যাব। তাৰপিছত ভাঙি চুৰ্ণবিচুৰ্ণ হৈ এনেকৈ মৰীচিকাৰ নিচিনা প্ৰসাৰিত
হ’ব যে, এনে লাগিব তাত কিবা আছে, কিন্তু একো নাই। য’ত
অলপ আগতেই এক বিশাল পৰ্বত আছিল এতিয়া একো নাই। এই অৱস্থাক আন ঠাইত কোৱা হৈছেঃ “সিহঁতে আপোনাক সোধে, সেইদিনা এই পৰ্বতসমূহ ক’লৈ যাব? সিহঁতক জনাই দিয়ক, মোৰ প্ৰতিপালকে সেইবোৰ ধূলিকণা কৰি উৰাই দিব, আৰু পৃথিৱীক
এনে মুকলি সমতল কৰিব যে, তাত তুমি কতো অলপ একা- বেকা বা খলা-বমা নেদেখিবা”। (ত্বা-হা ১০৫-১০৭) ইবনে কাছীৰ)
[12])
অৰ্থাৎ তাত সিহঁতে অৱস্থান কৰিব সুদীৰ্ঘ বছৰ। আয়াতত ব্যৱহৃত
أحقاب শব্দটো حقب শব্দৰ বহুবচন। ইয়াৰ সঠিক অৰ্থ নিৰ্ধাৰণ লৈ যদিও
মতানৈক্য আছে কিন্তু স্বাভাৱিকভাৱে ক’ব পাৰি যে, ইয়াৰ দ্বাৰা
সুদীৰ্ঘ সময় বুজোৱা হৈছে। এতেকে أحقاب শব্দৰ দ্বাৰা তেতিয়া কোনো সুনিৰ্দিষ্ট
সময় বুজোৱা উচিত নহ’ব। সেয়ে ইয়াৰ অৰ্থ কৰা হৈছে “যুগ যুগ ধৰি”। ইয়াৰ অৰ্থ হৈছে, “এটাৰ পিছত এটাকৈ আগমনকাৰী দীৰ্ঘ সময় সিহঁতে তাত অৱস্থান কৰিব। এনেকুৱা এটা
ধাৰাবাহিক যুগ যে, এটা যুগ শেষ হোৱাৰ পিছত আন এটা যুগ আৰম্ভ হৈ যায়। এটাৰ পিছত এটা
আহিয়েই থাকিব আৰু এনে কোনো যুগ নাহিব যাৰ পিছত আন কোনো যুগ নাই”। (চাওক ইবনে কাছীৰ) কোৰআনত ৩৪ ঠাইত জাহান্নামীসকলৰ বাবে ‘খুল্দ’ (চিৰকাল) শব্দ ব্যৱহাৰ কৰা হৈছে। আকৌ তিনিটা
ঠাইত কেৱল ‘খুল্দ’ শব্দ কৈ শেষ কৰা নাই
বৰং লগতে ‘আবাদান’ (চিৰযুগমীয়া)
শব্দটোও বঢ়াই দিছে। আন এক ঠাইত স্পষ্ট কোৱা হৈছে, সিহঁতে জাহান্নামৰ পৰা ওলাবলৈ
বিচাৰিব কিন্তু সিহঁতে কেতিয়াও তাৰ পৰা ওলাব নোৱাৰিব আৰু সিহঁতৰ বাবে আছে
চিৰযুগমীয়া শাস্তি। (আল-মায়িদাহ ৩৭)
[13])
মূল
ভাষ্যত ‘গাচ্ছা-ক্ব’ শব্দ ব্যৱহাৰ হৈছে। ইয়াৰ অৰ্থ হৈছে,
পুঁজ, তেজ, পুঁজ মিহলোৱা তেজ আৰু চকু বা শৰীৰৰ চামৰাৰ পৰা বিভিন্ন ধৰণৰ কঠোৰ দৈহিক
নিৰ্যাতনৰ ফলত যিবোৰ ৰস ওলায়, যিবোৰ বৰ দুৰ্গন্ধযুক্ত। (ইবনে কাছীৰ)
[14]) অৰ্থাৎ জাহান্নামত সিহঁতক যি শাস্তি দিয়া হ’ব, সেইটো ন্যায় আৰু ইনছাফৰ দৃষ্টিত
সিহঁতৰ বাতিল বিশ্বাস আৰু দুষ্কাৰ্যৰ যথোচিত প্ৰতিফল। তাত কোনো ধৰণৰ অন্যায় নহ’ব। (তফছীৰ মুয়াচ্ছাৰ আৰু তফছীৰে ছা’দী)
[15]) এইটো হৈছে
সিহঁতৰ জাহান্নামৰ ভয়াবহ শাস্তি ভোগ কৰাৰ কাৰণ। সিহঁতে আল্লাহৰ সন্মুখত উপস্থিত হৈ
নিজৰ আসনৰ হিচাব পেচ কৰাৰ সময়ৰ কথা কেতিয়াও আশা কৰা নাছিল। দ্বিতীয় কাৰণ হৈছে,
আল্লাহ তাআলাই যিবোৰ আয়াত পঠিয়াইছিল সেইবোৰ মানিবলৈ সিহঁতে সম্পুৰ্ণৰূপে অস্বীকাৰ
কৰিছিল আৰু সেইবোৰক মিছা বুলি প্ৰত্যাখান কৰিছিল। (ফাতহুল ক্বাদীৰ)
[17])
জান্নাতত
কোনো কটুবাক্য আৰু নিৰৰ্থক কোনো আলাপ-আলোচনা নহ’ব। কোনোৱেই কাৰো লগত মিছা কথা নক’ব আৰু কাৰো কথাক মিছা বুলিও নক’ব। কোৰআনৰ বিভিন্ন
ঠাইত এই বিষয়টোক জান্নাতৰ এক ডাঙৰ নিয়ামত হিচাপে গণ্য কৰা হৈছে। (তফছীৰে ছা’দী)
[18])
লক্ষণীয়
যে, এইবোৰ নিয়ামত বা অনুগ্ৰহ বৰ্ণনা কৰি কোৱা হৈছে যে, জান্নাতৰ এইবোৰ নিয়ামত
মুমিনসকলৰ বাবে প্ৰতিদান আৰু আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পৰ্যাপ্ত দান। ইয়াত
জান্নাতৰ নিয়ামতসমূহক প্ৰথমে কৰ্মৰ প্ৰতিদান আৰু তাৰপিছত আল্লাহৰ দান বুলি কোৱা
হৈছে। প্ৰতিদান শব্দৰ পিছত আকৌ যথেষ্ট পুৰস্কাৰ দিয়াৰ কথা কোৱাৰ অৰ্থ এইটো সূচায়
যে, সিহঁতে নিজৰ সৎকামৰ বিনিময়ত যি প্ৰতিদান
লাভৰ অধিকাৰী হ’ব কেৱলমাত্ৰ সিমানেই সিহঁতক দিয়া নহ’ব বৰং তাতোকৈ অতিৰিক্ত পুৰস্কাৰ আৰু অধিক পুৰস্কাৰ দিয়া হ’ব। আনহাতে জাহান্নামীসকলৰ বাবে কেৱল ইমানেই কোৱা হৈছে যে, সিহঁতক সিহঁতৰ
কামৰ পূৰ্ণ প্ৰতিফল দিয়া হ’ব। অৰ্থাৎ সিহঁতৰ যি পৰিমান অপৰাধ
তাতকৈ বেছি শাস্তি দিয়া নহ’ব আৰু কমো দিয়া নহ’ব। (চাওক তাতিম্মাতু আজওৱাউল বায়ান) কোৰআন মাজীদৰ বিভিন্ন স্থানত এই কথা
সুস্পষ্টভাৱে বৰ্ণনা কৰা হৈছে। যেনে ছুৰা ইউনুছ আয়াত নং ২৬-২৭, আন-নাম`ল আয়াত নং ৮৯-৯০, আল-কাচাচ আয়াত নং ৮৪, ছাবা আয়াত নং ৩৩ আৰু আল-মুমিন আয়াত নং ৪০।
[19])
এই
বাক্যষাৰ পূৰ্বৰ বাক্যৰ লগত সম্পৰ্কযুক্ত। ইয়াৰ অৰ্থ এইটো হ’ব যে, এইবোৰ
সেই ৰব বা প্ৰতিপালকৰ পক্ষৰ পৰা প্ৰতিদান. যিজন আকাশ আৰু পৃথিৱীৰ ৰব; তেওঁৰ অনুমতিবিহীন কিয়ামতৰ দিনা কোনেও কথা ক’ব নোৱাৰিব।
(মুয়াচ্ছাৰ)
[20])
অধিকাংশ
তফছীৰবিদ সকলৰ মতে, ইয়াত ‘ৰূহ’ মানে জিব্ৰীল আলাইহিচ ছালামক বুজোৱা
হৈছে। (মুয়াচ্ছাৰ, ছাদী) ইবনে আব্বাছ
ৰাদিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত আছে যে, ‘ৰূহ’ৰ দ্বাৰা আল্লাহ তাআলাৰ এক ডাঙৰ আকৃতিৰ ফিৰিস্তাক বুজোৱা হৈছে। কাতাদাহ
কৈছে, ইয়াত ‘ৰূহ’ বুলি আদম সন্তানক
কোৱা হৈছে। শেষোক্ত দুটা তফছীৰ অনুযায়ী দুটা শাৰী হ’ব, এটা
ৰূহৰ বাবে আৰু আনটো ফিৰিস্তাসকলৰ বাবে। (আত-তাফছীৰ
আচ-ছাহীহ)
[21])
ইয়াত
কথা কোৱা মানে শ্বাফাআত কৰা বুজোৱা হৈছে। শ্বাফাআত কৰিবলৈ হ’লে যি ব্যক্তিক যি গুণাগাৰৰ বাবে আল্লাহৰ তৰফৰ পৰা অনুমতি দিয়া হ’ব কেৱল সিয়েই
তাৰ বাবে শ্বাফাআত কৰিব পাৰিব। আৰু শ্বাফাআতকাৰীয়ে সঠিক আৰু যথাৰ্থ সত্য কথা ক’ব লাগিব অন্যথা শ্বাফাআত কৰিব নোৱাৰিব। (চাওক কুৰতুবী)
[22])
আব্দুল্লাহ
ইবনে আমৰ, আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, কিয়ামতৰ দিনা সমগ্ৰ
ভূপৃষ্ঠ এক সমতল ভূমি হৈ যাব। আৰু মানৱ জিন, গৃহপালিত জন্তু আৰু বন্য প্ৰাণী
সকলোকে একত্ৰিত কৰা হ’ব। জীৱ-জন্তুৰ মাজত যদি কোনোবাই পৃথিৱীত আন জন্তুৰ ওপৰত অন্যায়
কৰিছে তেন্তে তাৰ পৰা প্ৰতিশোধ লোৱা হ’ব। আনকি যদি কোনো
শিংবিশিষ্ট ছাগলী এটাই কোনো শিংবিহীন ছাগলীক মাৰিছিল সেই দিনা তাৰো প্ৰতিশোধ লোৱা
হ’ব। এই ফয়ছালা সমাপ্ত হোৱাৰ পিছত সকলো জন্তুক আদেশ কৰা হ’ব মাটিত ৰূপান্তৰিত হৈ যোৱা। তেতিয়া সকলো মাটি হৈ যাব। এই দৃশ্য দেখি
কাফিৰ সকলে আকাঙ্ক্ষা কৰিব – হায়! আমিও যদি মাটি হৈ গলোহেঁতেন। এনে হ’লে আমি হিচাব-নিকাচ আৰু জাহান্নামৰ শাস্তিৰ পৰা মুক্তি পালোহেঁতেন। (মুস্তাদৰাক
হাকিম ২/৩৪৫, ৪/৫৭৫ মুছনাদে ইছহাক্ব
ইবনে ৰাহৱাই ৩২২ ছিলছিলা ছহীহাঃ ১৯৬৬)
মূলঃ ড. আবু বকৰ মুহাম্মদ যাকাৰিয়া
অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
মূলঃ ড. আবু বকৰ মুহাম্মদ যাকাৰিয়া
অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী